প্ৰকাশৰ তাৰিখ : 26/11/2011

কৌতুক এচ এম এচ

১)

এক বছৰত দহ পইছা কেনেকৈ সঞ্চয় কৰে

তাৰ এটা পদ্ধতি আপোনাক জনাব বিচাৰিছো...

...

...

...

আপুনিও কম নহয় কিন্তু দেই।

এক বছৰত দহ পইছা কেনেকৈ সাঁচে

তাকো জানিব বিচাৰিছে!!!???

২)

আজি মোৰ ইন্টাৰভিউ আছিল....

মোক কি সোধা গৈছিল জানা !!!!!!

"পৃথিৱীত কোন এনেকুৱা আছে,

যি কেতিয়াও গা নোধোৱে ?"

 

গোৰ মাৰি চকৰি এৰি থৈ আহিলো

তথাপি তোমাৰ নাম নক'লো.........

৩)

দেউতা:- বোপাই অ',  অলপ পঢ়িবলৈয়ো ল ! কম্পিউটাৰটোতে লাগি নেথাকিবি।

ফেইল কৰিলে ফেচবুকত মুখ উলিয়াব পাৰিবি জানো তয়ে কচোন.....    (সংগ্ৰহ :- কঠিনজ্যোতি কাঠকটীয়া)

৪) ৱিকিপিডিয়া, গুগুল, ফেচবুক আৰু ইন্টাৰনেটে আড্ডা মাৰি আছিল

ৱিকিপিডিয়া – মই সকলো জানো।

গুগুল – মোৰ ওচৰতে সকলো আছে।

ফেচবুক – মই সকলোকে জানো।

ইন্টাৰনেট – মই নাথাকিলে তোমালোকৰ একো কাম নাই।

বিজুলী – কোন ঔ এইকেইটা ??

৫)

 

আৰু পঢ়ক:

লেখকৰ পৰিচয়

- এবছৰ মানৰ আগতে জাল্লাত হোৱাৰ ইচ্ছা মুকলিকৈ সংবাদমাধ্যমৰ আগত ব্যক্ত কৰি বিমূৰ্ত বিভ্ৰাট হাজৰিকা বিশ্ববিখ্যাত হৈ পৰে। তাৰ পাছতে তেওঁ ফেচবুকত ‘মই জাল্লাত হ’ব বিছাৰোঁ’ বুলি এটা গ্ৰুপ খোলে। লগে লগে দুখন বাতৰি-কাকতত নিয়মীয়াকৈ লিখিবলৈ তেওঁক আহ্বান জনোৱা হয়। প্ৰথম অৱস্থাত নিয়মিয়াকৈ লিখি ৰাজনীতি, সমাজনীতি, বিজ্ঞান, সাহিত্য, গণিত, প্ৰযুক্তি, ভাষা সকলোতে স্বচ্ছ চিন্তাৰ অধিকাৰী বুলি পৰিচয় দাঙি ধৰি তেওঁ জনপ্ৰিয়তা অৰ্জন কৰে। বৰ্তমান তেওঁ অসুস্থতা আৰু ব্যস্ততাৰ দোহাৰি দি মাজে মাজেহে নিজৰ লেখা প্ৰকাশ কৰি নিজৰ দাম আৰু পৰ্য্যায় দুয়োটাই বহু পৰিমাণে বৃদ্ধি কৰিছে।

মতামত আগবঢ়াওক