কৌতুক

 

মলিকনী- তই তিনি দিন কামলৈ নহাকৈ আছিলি কিয়?

বনকৰা তিৰোতা- কিয়! মই ফেচবুকত আপডেট দিছিলো নহয়, আপোনাৰ চাৰে কমেণ্টো দিছেলে- “আই মিছ ইউ” বুলি।

 

***     ***     ***

হৰি- তই সেই ছোৱালীজনীৰ কাৰণে চিগাৰেট এৰি দিলি?

মধু- অ’।

হৰি- মদো এৰি দিলি !

মধু- অ’, এৰি দিলো।

হৰি- জুৱাও এৰি দিলি।

মধু- এৰি দিলো।

হৰি- তেন্তে তাইক বিয়া নাপাতিলি কিয়??

মধু- ইমানেই ভাল হৈ গ’লো যে তাইতকৈয়ো ভাল এজনী পাই গ’লো।

 

***     ***     ***

প্ৰেমিকা- মোৰ বাৰ্থ দে গিফ্ট তুমি কি আনিলা?

প্ৰেমিক- বাটটোৰ সীপাৰে থকা সৌ সেউজীয়া ৰঙৰ ধুনীয়া গড়ীখন দেখিছা?

প্ৰেমিকা- ৱাও, ইমান ধুনীয়া... তোমাক মই কিমান ভাল পাওঁ, ইমান ধনিয়া উপহাৰ আনিছা!

প্ৰেমিক- নহয়, তেনেকুৱা ৰঙৰ নখ-পালিচ এটা আনিছো।

 

***     ***     ***

পুতেক- দেউটা, আজি বিদ্যালয়ত চাৰে মোক শাস্তি দিলে।

দেউতাক- কিয়?

পুতেক- চাৰে স্কেল পাতেৰে মোৰ ফালে টোৱাঁই কৈছিল- “এই স্কেল পাতৰ এটা মূৰত এটা মুৰ্খ আছে।” মই সুধিলো-“কোনটো মূৰত চাৰ?”

 

***     ***     ***

প্ৰথম চোৰ- ঐ বেংকটোত ধেই টকা আছিল দেই। কিমান আনিলো গণি লওঁ দে।

দ্বিতীয় চোৰ- বাদ দে হে, এলেহুৱা কাৰণেই চুৰ কৰি খাইছো, আকৌ এতিয়া টকা গণিম?

প্ৰথম চোৰ- গণি নল’লে কিমান আছে কেনেকে গম পাবি?

দ্বিতীয় চোৰ- ঐ মুৰ্খ, বেংকৰ পৰা কিমান টকা চুৰ হ’ল কাইলৈ ৰাতিপুৱা নিউজ চেনেলত নিদিব নেকি?

 

***     ***     ***

শ্ৰেণীলৈ ছাত্ৰীজনী দেৰিকৈ অহাত শিক্ষকে সুধিলে- “কিয় পলম হ’ল?”

ছাত্ৰী- এটা ল’ৰা মোৰ পাছে পাছে আহি আছিল।

শিক্ষক- তাতে কি হ’ল? তোৰ দেৰি হ’ল কিয়?

ছাত্ৰী- চাৰ ল’ৰাটোৱে বহুত লাহে লাহে খোজ কঢ়ি আহিছিল।

 

***     ***     ***

পত্নী- মই আজি সপোনত তুমি মোৰ বাবে এটা হীৰাৰ আঙুঠি কিনা দেখিছো...

স্বামী- মই সপোনত তাৰ বিলটো তোমাৰ দেউতাই দিয়া দেখিলো...

 

***     ***     ***

প্ৰশ্ন- টিপু চুলতান কোনখন যুদ্ধত মৰিছিল?

ছাত্ৰৰ উত্তৰ- তেওঁ কৰা শেষৰ যুদ্ধখনত।

প্ৰশ্ন- বিবাহ-বিচ্ছেদৰ মূল কাৰণটো কি?

ছাত্ৰৰ উত্তৰ- বিয়া।

প্ৰশ্ন- কোনোবাই কম্পাৰ্টমেন্টেল পোৱাৰ মূল কাৰণটো কি?

ছাত্ৰৰ উত্তৰ- পৰীক্ষা।

 

***     ***     ***

চিটি বাছত এখন আসনৰ বাবে দুজনী মহিলাৰ কাজিয়া লাগিল।

কণ্ডাক্টৰজনে আহি ক’লে- আপোনালোকৰ মাজৰ যিজনী বেছি বয়সীয়াল তেখেতেই ইয়াত বহক।

মানুহ দুজনীৰ এজনীও চিটটোত নবহিলে আৰু কাজিয়া বন্ধ কৰি মনে মনে থাকিল। সকলো বাছযাত্ৰী শান্তিৰে যাত্ৰা কৰিলে।

 

***     ***     ***

প্ৰথম যুৱক- এটা ওভাৰত কেইটা বল দিব পাৰি?

দ্বিতীয় যুৱক- ৬টা।

প্ৰথম যুৱক- ভুল উত্তৰ। এটা ওভাৰত এটা বলেই ৬ বাৰ দিব পাৰি।

 

***     ***     ***

অনিলে চাকৰি পাই প্ৰথম দিনাই ১১ ঘণ্টা কাম কৰিলে।

মালিকে গম পাই সন্তুষ্ট হৈ পিছদিনা সুধিলে- কালি কি কি কাম কৰিলা?

অনিল- চাৰ কম্পিউটাৰটো কালি প্ৰথম চুইছো, দেখিলো A B C D বোৰ ক্ৰম অনুসৰি নাই, খেলিমেলিকৈ আছে। সব খুলি ভালকে লগাই দিলো...।

 

***     ***     ***

জীৱনৰ কঠিন পথত কোনে লগ দিব তোমাক?

তোমাৰ মা-দেউতা, ভাই-ভনী, বন্ধু-বন্ধৱী নে তোমাৰ আপোন জনে?

কোনে?

জীৱনৰ প্ৰতিটো কঠিন পথত

খোজত খোজ মিলাই

তোমাক লগ দিব

তোমাৰ একমাত্ৰ

চেণ্ডেল যোৰে

নহয়নে বাৰু?

 

***     ***     ***

আৰু পঢ়ক:

লেখকৰ পৰিচয়

- এবছৰ মানৰ আগতে জাল্লাত হোৱাৰ ইচ্ছা মুকলিকৈ সংবাদমাধ্যমৰ আগত ব্যক্ত কৰি বিমূৰ্ত বিভ্ৰাট হাজৰিকা বিশ্ববিখ্যাত হৈ পৰে। তাৰ পাছতে তেওঁ ফেচবুকত ‘মই জাল্লাত হ’ব বিছাৰোঁ’ বুলি এটা গ্ৰুপ খোলে। লগে লগে দুখন বাতৰি-কাকতত নিয়মীয়াকৈ লিখিবলৈ তেওঁক আহ্বান জনোৱা হয়। প্ৰথম অৱস্থাত নিয়মিয়াকৈ লিখি ৰাজনীতি, সমাজনীতি, বিজ্ঞান, সাহিত্য, গণিত, প্ৰযুক্তি, ভাষা সকলোতে স্বচ্ছ চিন্তাৰ অধিকাৰী বুলি পৰিচয় দাঙি ধৰি তেওঁ জনপ্ৰিয়তা অৰ্জন কৰে। বৰ্তমান তেওঁ অসুস্থতা আৰু ব্যস্ততাৰ দোহাৰি দি মাজে মাজেহে নিজৰ লেখা প্ৰকাশ কৰি নিজৰ দাম আৰু পৰ্য্যায় দুয়োটাই বহু পৰিমাণে বৃদ্ধি কৰিছে।

7 টা মন্তব্য
আপুনিও মতামত দিয়ক
  1. দিগন্ত ওজা says:

    মই আজিহে (৩১ জুলাই, ২০১২) http://sutibuddhi.com/ দেখিলো আৰু পঢ়িলোঁ৷ আপোনালোকৰ কামটি ইমান ভাল পালোঁ যে আজিয়েই বহুকেইটি লেখা পঢ়ি অতালোঁ৷ সমাজ সম্পৰ্কে প্ৰচ্চন্ন ধাৰণা নাথাকিলে ব্যংগ কৰাটো সম্ভৱ নহয়৷ এইক্ষেত্ৰত আপোনালোকৰ কাম প্ৰশংসনীয়৷ ‘অসমীয়া মানুহে হাঁহিব নাজানে’-- বেজবৰুৱাই তাহানিতে কোৱা কথাষাৰ এতিয়াও প্ৰাসংগিক৷ এনেস্থলত http://sutibuddhi.com/ পাথেয় হওক আৰু ব্যংগৰ চোকৰে আমাৰ সমাজখনক আত্মসংশোধনৰ বাবে উদ্বুদ্ধ কৰক৷ কেৱল লক্ষ্য ৰাখিব, ব্যংগত চোক দিবলৈ যাওঁতে যেন বিভেদৰ বিষবাস্প নিবিয়পে আৰু ব্যক্তিৰ মৰ্যাদা লঘু নহয়৷ শুভেচ্ছা থাকিল৷

    • বিমূৰ্ত বিভ্ৰাট হাজৰিকা says:

      আপোনাৰ শুভেচ্ছা আৰু সুনিৰ্দেশনাৰ বাবে অশেষ ধন্যবাদ জনালো আৰু ই আমাক সঠিক লক্ষ্যৰে আগবাঢ়িবলৈ অধিক প্ৰেৰণা যোগাইছে। বিশেষকৈ আপোনাৰ শেষৰ কথাষাৰ "কেৱল লক্ষ্য ৰাখিব, ব্যংগত চোক দিবলৈ যাওঁতে যেন বিভেদৰ বিষবাস্প নিবিয়পে আৰু ব্যক্তিৰ মৰ্যাদা লঘু নহয়৷"ক আমি প্ৰথমৰে পৰা গুৰুত্ব দি আহিছিলো, আজিলৈকে যিসকল পাঠক পাইছো তেওঁলোকে কোনেও সমালোচনা কৰা নাই যদিও আমি নিজেই ভাবি আছিলো যে- গোটেই লেখাসমূহ আমি এবাৰ পুনৰনিৰীক্ষণ কৰিম। আপোনাৰ কথাই এই দিশত আমাক আৰু অধিক সচেতন কৰিলে। আমাৰ উদ্দেশ্যৰ সততা বজাই ৰাখিবলৈ আমি শিকিবলগীয়াখিনি শিকি উঠিবৰ বাবে বেজবৰুৱাদেৱৰ গ্ৰন্থাৱলীৰ যিখিনি পঢ়িবলৈ বাকী আছে সেইখিনিও পঢ়ি শেষ কৰাৰ চেষ্টা কৰি আছো। শেষত আপোনাক পুনৰ ধন্যবাদ জনালো।

  2. এনেদৰে আৰু পঢ়িবলৈ পাম বুলি আশা কৰি্লো।

  3. চন্দন চেতিয়া । says:

    সুন্দৰ ... অতি সুন্দৰ!!! আৰু পঢ়িবলৈ পালে ভাল লাগিব।

    আশা কৰো এনেদৰে আগলৈ হহুৱাই থাকিব!

    • বিমূৰ্ত বিভ্ৰাট হাজৰিকা says:

      ধন্যবাদ....। নিশ্চয় চেষ্টা কৰিম।

  4. Papu Konwar says:

    মই আজিহে(06-02-2014)পঢ়িবলৈ পাৰি্লো,.,এনেদৰে আগলৈ হহুৱাই থাকিব বুলি আশা কৰি্লো.,.,শেষত আপোনালোকৰ এনে প্ৰশংসনীয় কামৰ বাবে ধন্যবাদ জনালো,.,আৰু শুভেচ্ছা থাকিল,.,

মতামত আগবঢ়াওক